দুসাহসিক ক্ৰীড়া আৰু পৰ্বতাৰোহণৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ শুকুৰবাৰে গুৱাহাটীৰ পৰা দাৰজিলিং লৈ যাত্ৰা কৰিছে NCC ৰ এটা দল । গুৱাহাটী চাউথ পইন্ট স্কুলৰ এই ২০ জনীয়া দলটোত আছে বিভিন্ন বয়সৰ NCC কেডাৰ ।
অজিত সিংঘানিয়াৰ নেতৃত্বত দাৰজিলিংলৈ যোৱা দলটোৱে দাৰজিলিং ৰ লগতে ওভতাৰ পথত নেপাল আৰু মিৰিক ভ্ৰমণ কৰিব ।
গুৱাহাটী পল্টনবজাৰ ৰেলৱে ষ্টেচনৰ পৰা যাত্ৰা কৰা দলটোক বিদায় জনাবলৈ ভীৰ কৰে কিশোৰ- কিশোৰী সকলৰ অভিভাৱক । নিজ সন্তানৰ এনে দুসাহসিক ক্ৰীড়া , পৰ্বতাৰোহণৰ প্ৰতি সৃষ্টি হোৱা আগ্ৰহক লৈ সুখী অভিভাৱক সকল । শিক্ষক অজিত সিংঘানিয়াক অভিভাৱক সকলে ধন্যবাদ জনাইছে । নিশা ১০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰে দলটোৱে ।
News Desk , Ne India News