দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ ৫৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা                              

0
899
NE INDIA:  শনিবাৰে উজনি অসমৰ এক মাত্ৰ ৰাজহুৱা খণ্ডৰ লাভ জনক তৈল উদ্যোগ প্ৰতিষ্ঠান, অইল ইণ্ডিয়া লিমিটেডৰ ৫৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ দুলিয়াজান বিহু তলিত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সভাখনত অইল ইণ্ডিয়া লিমিটেডৰ অংশীদাৰ সকল উপস্থিত থাকে ৷ সভাত অইল ইণ্ডিয়াৰ  CMD লগতে বহু কেইজন বিষয়া উপস্থিত থাকে ৷ উক্ত সভাত শ্বেয়াৰ সম্পৰ্কে বহু কথা সাংবাদিক সকলৰ আগত প্ৰকাশ কৰাৰ উপৰি কোম্পানীৰ খাৰুৱা তেলৰ উৎপাদন ২০১৬-১৭বৰ্ষৰ ৩,২৭৭নিযুত মেট্ৰিক  টনৰ পৰিৱৰ্তে ২০১৭-২০১৮বৰ্ষত ৩,৩৯৪ নিযুত মেট্ৰিক টন উৎপাদন কৰি ৩.৫৭ শতাংশ বৃদ্ধি হোৱা বুলি জানিবলৈ দিয়ে । ইয়াৰ উপৰিও কোম্পানীৰ লাভৰ পৰিমাণ পূৰ্বৰ ৯,৫,১০,৩৯ কোটি টকাৰ পৰিৱৰ্তে ২০১৭-১৮ বৰ্ষত ইয়াৰ পৰিমাণ ১২.০৫ শতাংশ  বৃদ্ধি পাই ১০,৬৫,৬,৪৭ কোটি টকা হয়গৈ বুলি জানিবলৈ দিয়ে ৷
মাইনু খনিকৰ ,দুলীয়াজান NE INDIA 

LEAVE A REPLY

Please enter your comment!
Please enter your name here