দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা মুক্ত খননৰ বিৰোধিতাৰে নাহৰকটীয়া আছুৰ মানৱ শৃংখল

0
89

দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা মুক্ত খননৰ বিৰোধিতাৰে নাহৰকটীয়া আছুৰ মানৱ শৃংখল

পূবৰ আমাজন খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰে নেচনেল বৰ্ড অফ ৱাইল্ড লাইফ নামৰ বে- চৰকাৰী সংস্থাটোক কয়লাৰ মুক্ত খনন কাৰ্য চলাবলৈ অনুমতি প্ৰদান কৰাৰ কাৰ্যত সম্প্ৰতি অসমত তীব্ৰৰ পৰা তীব্রতৰ হৈ উঠিছে প্ৰতিবাদৰ জোৱাৰ। এই প্ৰতিবাদ সৰ্বসাধাৰণ ৰাইজৰ পৰা ,ছাত্ৰ সমাজ, বহু স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনেও সৰৱ ভূমিকা লৈছে।আজি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনি আঞ্চলিক ছাত্ৰ সন্থাই “দিহিং পাটকাইক ৰক্ষা কৰক”,”প্ৰকৃতি ধংস নকৰিব” আদি প্ৰতিবাদী ফেষ্টুন লৈ চাচনি শাখা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । সংগঠনটোৱে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতো অইল খননৰ অনুমতি দিয়া কাৰ্যৰো বিৰোধিতা কৰে। জৈৱ বৈচিত্ৰলৈ ভাবুকি কঢ়িয়াই অানিব পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ- সভাপতিঃ অঞ্জন নেওঁগ ।সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ও চাচনী আছুৰ উপদেষ্টাঃ মৌচুম ভূঞা ।চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকঃ চান্তুুু গগৈ । সহকাৰী সাধাৰণ সম্পাদকঃ মানস প্ৰতীম বৰা । সত্যজিৎ কোঁৱৰকে ধৰি সকলো বিষয়বৱীয়া আৰু সদস্য সদস্যা সকল উপস্থিত থাকে ।

https://youtu.be/j0oVnVzmxDU?t=1

মাইনু খনিকৰ, দুলীয়াজান, Ne India News.

LEAVE A REPLY

Please enter your comment!
Please enter your name here