দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি ! এই প্ৰচাৰ কিমানদূৰ সত্য 

0
154

 

দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ অনুমতি ! এই প্ৰচাৰ কিমানদূৰ সত্য 

ইয়াৰ ক্ষেত্ৰভিত্তিক অনুসন্ধানৰ বাবেই শুক্ৰবাৰে মাৰ্ঘেৰিটাত আহি উপস্থিত হয় তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দল । প্ৰথমে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰতিনিধি দলটো ।
প্ৰতিষ্ঠানটোৰ সভাকক্ষত
তথ্যচিত্ৰৰ জড়িয়তে সাংবাদিকদলটোক অৱগত কৰে
প্ৰতিষ্ঠানটোৰ সংক্ষিপ্ত ইতিহাস ,
ৰাজ্যৰ অৰ্থনীতিত অৱদান , 
কিদৰে নিৰ্ভৰশীল ৰাজ্যৰ বিদ্যুত খণ্ড চিমেন্টকে ধৰি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান ।
তথ্য চিত্ৰত GOOGLE মেপৰ জড়িয়তে প্ৰতিষ্ঠানটোৱে প্ৰদৰ্শন কৰিলে দিহিং পাটকাই বৰ্ষাৰণ্যৰ পৰা কিমান দুৰত্বত এই কয়লাখনন স্থলী । 
কিদৰে চলিছে হস্তী কৰিডৰ বুলি অপপ্ৰচাৰ । 
সাংবাদিকৰ দলটোৰ সৈতে হোৱা এই বাৰ্তাত মহাপ্ৰৱন্ধক যুগল কুমাৰ বৰা আৰু উৎপাদন পৰিচালক এচ পি দত্তই বাখ্যা কৰে কিদৰে বন্ধ হোৱাৰ দিশে গতি কৰিছে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো ।

 তাৰ পাছতে দিহিং গেষ্ট হাউচত একাংশ শ্ৰমিক সংগঠনৰ নেতাৰ সৈতে মিলিত হয় সাংবাদিক দলটো। শ্ৰমিক সংগঠনৰ নেতা সকলে স্পষ্ট কৰি দিয়ে কিদৰে এক অশুভ ৰাজনীতিৰ জড়িয়তে বন্ধ হোৱাৰ দিশলৈ ঠেলি দিছে প্ৰতিষ্ঠানটো ।শ্ৰমিক সংগঠনটোৰ নেতা সকলৰ স্পষ্ট কথা – প্ৰতিষ্ঠানটো বন্ধ হ’লে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ নহয় , তেওঁলোক দেশৰ অন্য ক’ল উদ্যোগত সংস্থাপিত হ’ব । কিন্তু এনে অপপ্ৰচাৰ অপবাখ্যাৰ জড়িয়তে প্ৰতিষ্ঠানটো বন্ধ হ’লে বিস্তৰ ক্ষতি হ’ব পাৱৈৰ পৰা জাগুনলৈকে বিস্তৃত অন্ঞ্চলৰ ৰাইজ । ক্ষতি হ’ব ৰাজ্যৰ অৰ্থনীতিৰ ।

 লিডুৰ টিককৰ কয়লা খনন স্থলী অংশ পৰিদৰ্শন কৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি দলটোৱে চৰকাৰক অতিশীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ।

https://youtu.be/B-WCnIaujnk?t=8

বাবা নেওগ,মাৰ্ঘেৰিটা,Ne india news

LEAVE A REPLY

Please enter your comment!
Please enter your name here