দিল্লীৰ হাতত পৰাস্ত চেন্নাই ছুপাৰ কিংছ

0
92

দিল্লীৰ হাতত পৰাস্ত চেন্নাই ছুপাৰ কিংছ

চেন্নাই ছুপাৰ কিংছে টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত গ্রহণ কৰি চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত চাৰি উইকেট হেৰুৱাই ১৭৯ ৰান সংগ্রহ কৰে৷প্লেচিছে ৪৭টা বলৰ সন্মুখীন হৈ ৫৮ ৰানৰ অৰিহণা আগবঢ়ায়৷ অম্বাটি ৰাইডু ৪৫ ৰানত অপৰাজিত হৈ ৰয়৷ ইনিংছৰ শেষৰ ফালে অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই বিস্ফোৰক বেটিঙেৰে মাত্র ১৩টা বলৰ সন্মুখীন হৈ অপৰাজিতভাৱে ৩৩ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷

১৮০ ৰানৰ লক্ষ্যৰ পিছ লৈ দিল্লীয়ে এটা বল বাকী থকা অৱস্থাত জয়ৰ সোৱাদ লাভ কৰে৷দিল্লীৰ হৈ অ’পেনাৰ শিখৰ ধাৱনৰ শতকৰ সহায়ত দিল্লী কেপিটেলছে আই পি এলত দুর্দান্ত জয় সাব্যস্ত কৰিছে৷ ধাৱনে ৫৮ বলত ১৪টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰ সহায়ত ১০১ ৰানত অপৰাজিত হৈ ৰয়৷ অধিনায়ক শ্রেয়াছ আয়াৰে ২৩, মার্কাছ ষ্টইনিছে ২৪ আৰু অক্ষৰ পেটেলে মাত্র ৫টা বলত ২১ ৰান সংগ্রহ কৰে৷
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here