Home Assamese দিল্লীৰ জাহাংগীৰপুৰ হিংসা ! গ্ৰেপ্তাৰ ১৪ উপদ্ৰৱকাৰী

দিল্লীৰ জাহাংগীৰপুৰ হিংসা ! গ্ৰেপ্তাৰ ১৪ উপদ্ৰৱকাৰী

106

শনিবাৰে বজৰংগ দলৰ উদ্যোগত হনুমান জয়ন্তী উপলক্ষে এক ৰেলীত আক্ৰমণ কৰিছিল উপদ্ৰৱকাৰীয়ে । শনিবাৰে বিয়লি প্ৰায় ৫-৩০ বজাত সংঘটিত এই হিংসাত্মক ঘটনাই চৰ্চা লাভ কৰিছে সমগ্ৰ দেশত । হনুমান জয়ন্তী উপলক্ষে উলিওৱা ৰেলীয়ে যেতিয়া জাহাংগীৰপুৰৰ C ব্লকৰ কুশল চ’কৰ এটা মজজিদৰ সন্মুখেৰে আগবাঢ়ে তেতিয়া সৃষ্টি হয় অৰাজক পৰিস্থিতিৰ । সৃষ্টি হয় দুটা পক্ষৰ মাজত তৰ্কাতৰ্কিৰ । তাৰপিচতেই আৰম্ভ হয় কাজিয়াৰ । ৰেলীত ভাগ লোৱা ভক্তপ্ৰাণ ৰাইজৰ ওপৰত উপদ্ৰৱকাৰীয়ে শিলাবৰ্ষণ কৰাৰ উপৰিও বটল আদিৰেও আক্ৰমণ চলায় । প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে অঞ্চলটোৰ একাংশ বিল্ডিং ৰ পৰাও শিলাবৰ্ষণ কৰে হনুমান ভক্ত সকলৰ ওপৰত । চুৰ্ণ বিচুৰ্ণ কৰে ৰেলিত ভাগ লোৱা বাহন । দুচকীয়া বাহনটো অগ্নিসংযোগ কৰে উপদ্ৰৱকাৰীয়ে ।
উপদ্ৰৱকাৰীয়ে তাতেই ক্ষান্ত নেথাকি বন্দুকেৰেও আক্ৰমণ চলায় । কেবাজাই গুলি ফুটাই ভীতি সঞ্চাৰ কৰে সমগ্ৰ অঞ্চলত । উপদ্ৰৱকাৰীৰ গুলীবৰ্ষণত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় , দিল্লী আৰক্ষীৰ এগৰাকী জোৱান ।
ঘটনা সংঘটিত হোৱাৰ পিচত সমগ্ৰ অঞ্চল ঘেৰি পেলায় আৰক্ষী তথা পেৰা মিলিটেৰি ফোৰ্চে । মোতায়ন কৰা হয় ৰেপিড একচন ফোৰ্চ । যাতায়াত বন্ধ কৰি দিয়া জাহাংগীৰ পুৰলৈ ।
আৰক্ষীয়ে ইতিমধ্যে অঞ্চলটোত থকা CCTV সমুহৰ ফুটেজ সংগ্ৰহ কৰিছে । CCTV ৰ ফুটেজ তথা প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ আলমত নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৪ উপদ্ৰৱকাৰীক । আটক কৰে সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড জাহিদ আঞ্চাৰীক । লগতে বন্দুক সহ গ্ৰেপ্তাৰ কৰে গুলীবৰ্ষণ কৰা শ্বাহজাদক । উপদ্ৰৱকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ আৰক্ষীৰ । তদন্ত বৰ্তমানেও অব্যাহত । তদন্ত যিমানেই আগবাঢ়িব সিমানেই আৰু অধিক উপদ্ৰৱকাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

National Desk, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here