Home Assamese দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বাসগৃহত CBI ৰ অভিযান

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বাসগৃহত CBI ৰ অভিযান

79

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ বাসগৃহত CBI ৰ অভিযান

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় CBI ৰ দল । দিল্লী চৰকাৰৰ নতুন আৱকাৰী নীতিক লৈ উপ মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰত CBI য়ে এই অভিযান চলাইছে বুলি অনুমান কৰা হৈছে । উল্লেখ্য যে , বিগত দিনত দিল্লীৰ উপ ৰাজ্যপাল বিনয় চাকচেনাই CBI ৰ তদন্ত আবেদন কৰিছিল । দিল্লী চৰকাৰৰ মুখ্য সচিবৰ প্ৰতিবেদনৰ পিচতে LG বিনয় চাকচেনা এই পদক্ষেপ গ্ৰহণ কৰিছিল । প্ৰতিবেদনত উপ মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াৰ ভুমিকাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰা হৈছিল । দিল্লী চৰকাৰৰ আৱকাৰী বিভাগ উপ মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াৰ হাতত আছে ।
CBI ৰ দলে উপ মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াৰ বাসগৃহ , দিল্লীৰ প্ৰাক্তন এক্সাইজ কমিচনাৰ গোপী কৃষ্ণনাৰ বাসগৃহ সহ ২১ টা স্থানত অভিযান চলাইছে ।


দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণিষ চিচোদিয়াই নিজৰ টুইটাৰ হেণ্ডেলেৰে CBI ৰ অভিযানক শুভেচ্চা জনাইছে । CBI ৰ সুত্ৰই প্ৰকাশ কৰা অনুসৰি , অভিযানকাৰী দলে ইতিমধ্যে মণিষ চিচোদিয়াৰ মবাইল ফোন জব্দ কৰিছে ।

National Desk , Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here