দিল্লীক ৫৯ ৰানত হৰুৱাই প্লে-অফৰ দিশে কলকাতা নাইট ৰাইডাৰ্ছ

0
121

দিল্লীক ৫৯ ৰানত হৰুৱাই প্লে-অফৰ দিশে কলকাতা নাইট ৰাইডাৰ্ছ

আ ই পি এলত শনিবাৰে হোৱা খেল খনত দিল্লীক কেপিটেলছক ৫৯ ৰানত পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছক এই জয়েৰে কলকাতা নাইট ৰাইডাৰ্ছ প্লে–ফৰ দিশে অগ্ৰসৰ হৈছে ।টছত জয়ী হৈ দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক প্ৰথমে বেটিং কৰাৰ নিমন্ত্ৰণ দিয়ে

কলকাতা নাইট ৰাইডাৰ্ছক প্ৰথমে বেটিং কৰি শুভমন গিল আৰু দিনেশ কাৰ্তিকৰ উইকেট পৰাৰ পাছত নিৰাশ হৈছিল যদিও নীতীশ ৰানা আৰু সুনীল নাৰিন সুন্দৰ ইংনিচ খেলে ।
দুয়োৱে মিলি ৫৬ বলত ১১৫ ৰান যোগ কৰে । সুনিল নাৰিনে ৩২ বলত ৬৪ ৰান কৰি সুন্দৰ পেভিলিয়নলৈ উভতে ।এই সুন্দৰ ইংনিছৰ বাবদ কলকাতা নাইট ৰাইডাৰ্ছে ১৯৪ ৰান কৰিবলৈ সক্ষম হয়

দিল্লী কেপিটেলছে ১৯৫ ৰানৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা প্ৰথম বলতেই অপেনাৰ ৰাহানেক হেৰুৱায়।দিল্লী কেপিটেলছৰ হৈ সৰ্বোচ্চ ৰান অধিনায়ক শ্রেয়ছে ৩৮ বলত ৪৭ ৰান কৰে। দিল্লী কেপিটেলছে ১৩৫ ৰানহে কৰিব সক্ষম হয় । কলকাতা নাইট ৰাইডাছৰ বৰুণ চক্ৰৱৰ্তীয়ে ৫ টা উইকেট দখল কৰে ।
Sports Desk,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here