দিগৰখালবাসীৰ অভিযোগ সত্য প্রমাণিত!শিৱনগৰত জব্দ ৩ কয়লা ভৰ্তি ট্ৰাক

0
839

NE INDIA: শেষ পর্যন্ত কাটিগড়া বিধানসভাৰ দিগৰখালৰ জনগণৰ অভিযোগ সত্য প্রমাণিত হল। বিগত ৩ চেপ্টেম্বৰত দিগৰখালৰ জনগণে এখন সাংবাদিক মেল আয়োজন কৰি অভিযোগ কৰিছিল যে ৬ নম্বৰ ৰাষ্ট্ৰীয় পথৰ ওপৰৰে বৰাকলৈ অবৈধ ভাৱে কয়লা ভৰ্তি ট্ৰাক প্রৱেশ কৰি আহিছে। ৪ চেপ্টেম্বৰৰ বিষয়টপ সংবাদ মাধ্যমত প্রকাশিত হয়। সেই দিনাই কাছাৰ প্রশাসনৰ জেষ্ট্য বিযয়াই সাংবাদিক মেল পাতি সাধাৰণ জনতএ অভিযোগ খন্ডন কৰি ,দাবি কৰে যে অসম মেঘালয় সীমান্তৰ মলিডহৰ হৈ অবৈধ ভাৱে কোনো কয়লাৰ ট্ৰাক বৰাকত প্রবেশ কৰা নাই ।কিন্তু কাছাৰ প্রশাসনৰ জেষ্ট্য বিযয়াই দাবি বুমেৰাং হিচাপে প্রমাণিত হল।বিগত বৃহস্পতিবাৰ আৰু ৰবিবাৰৰ ঘটনাই সকলো জলজল পট পট হৈ পৰিল।বৃহস্পতিবাৰে মেঘালয়ৰ দিশৰ পৰা অহা এএচ ১৬ চি২৭৪৯ নম্বৰৰ কয়লা বোজাই ট্ৰাক কালাইনৰ লক্ষীপুৰত উপস্থিত হোৱাৰ পিচতে যান্ত্রিক বিজুতিৰ বাবে আৱদ্ধ হৈ পৰে। স্থানীয় জনতাই বিষয়টো আৰক্ষীক  জনায় ।

খবৰ লাভ কৰি কালাইন আৰক্ষীয়ে ট্ৰাকখনৰ বিজুতি মেৰামতি কৰাই আৰক্ষীৰ জিম্মালৈ নিয়ে ট্ৰাকখন ।কিন্তু ট্ৰাকৰ চালক আৰু সহ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।উক্ত ট্ৰাকখনৰ কোন বৈধ কাগজপত্র নাছিল বুলি আৰক্ষী সূত্রে জনা গৈছে । আনফালে শিৱনগৰস্থিত পুৰণি এমভি তালাচী চকীত ৰবিবাৰে তিনিখন কয়লা ভৰ্তি ট্ৰাক আৱদ্ধ হৈ পৰে। জনা গৈছে এএচ১১ এচি৬০১২, এএচ০১ ডিচি ৪০৬৭, এএচ ০১ জেচি ৭৭৯১ সহ অন্য বহু কেইখন ট্ৰাক কয়লা বোজাই কৰি বৰাকত প্রবেশ কৰিছে ।মালিডহৰত থকা আৰক্ষী তালাচী পাৰ কৰি এই সমুহে শিৱনগৰস্থিত পুৰণি এমভি চেক গেটত আৰক্ষীৰ বেটেলিয়নে তিনি খন গাড়ি জব্দ কৰিবলৈ সক্ষম হলেও চালক আৰু সহচালক পলাই সাৰে। মালিডহৰৰ আৰক্ষীৰ তালাচী অতিক্ৰম কৰি কয়লা বোজাই ট্ৰাক সমুহ  কি কৰি শিৱনগৰত উপস্থিত হল । এইবিষয়ে এনই ইন্ডিয়াৰ পক্ষৰ পৰা গুমড়া আৰক্ষীৰ ইনচার্জ মন্টুৰাম বৰাক প্ৰশ্ন কৰা হৈছিল । তেওঁ‌ জনালে মালিডহৰ সেতুত শনিবাৰে নিশা চাৰে ৭ বজাত গুৱাহাটিগামী নৈশ বাছ সমুহ যোৱাৰ  সময়ত তীব্ৰ যানজট সৃষ্টি হয় ।সেই সময়তে কয়লা বোজাই ট্ৰাকসমুহে সুযোগ বুজি মালিডহৰত থকা আৰক্ষীৰ চিগলেল অমান্য কৰি পলাই আহি , শিৱনগৰত থকা বেটেলিয়নৰ হাতত আটক হয় ।আইন অনুযায়ী ব্যৱস্থা গ্রহন কৰা হৱ বুলি জনালে ইনচার্জ মন্টুৰাম বৰাই ।এক নির্ভৰ যোগ্য সূত্রৰ খবৰ  মতে ট্ৰাক সমুহ লেনদেনৰ মাধ্যমৰে মালিডহৰত থকা আৰক্ষীৰ তালাচী চকী পাৰ হলেও , শিৱনগৰত থকা বেটেলিয়ন সকল জ্ঞাত  নাছিল। ফলত তেওলোকে ট্ৰাকসমুহ  আটক কৰি পেলায়। টকাৰ বিনিময়ত অবৈধভাবে ট্ৰাক পাৰ কৰাত সিদ্ধহস্ত দালালবোৰ বিপাঙত পৰি যায়। বিষয়টো লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । অঞ্চলবাসীৰ প্রশ্ন পাহাৰী ৰাজ্য মেঘালয়ৰ পৰা অবৈধ কয়লা ভৰ্তি ট্ৰাক যে বৰাকত প্রবেশ কৰি আছে ,ইয়াতকৈ ডাঙৰ প্ৰমাণ কি হব পাৰে ।

https://youtu.be/dWux7oC_FoA?t=3


(প্ৰদীপ্ত পুৰকায়স্থ , কাটিগড়া Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here