Home Assamese দক্ষিণ কামৰূপ ৰ ছয়গাঁও সমষ্টিৰ লাৰুৱাজানত বৃদ্ধ আইতাৰ দুখৰ কহিনী

দক্ষিণ কামৰূপ ৰ ছয়গাঁও সমষ্টিৰ লাৰুৱাজানত বৃদ্ধ আইতাৰ দুখৰ কহিনী

155

কোনো চৰকাৰী আচনিয়ে ঢুকি নোপোৱা এগৰাকী আইতা ৷ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰা এগৰাকী বৃদ্ধা । আশ্ৰয় স্থলৰ নামত মাথো এটা ভঙা পজা ।  খাৱলৈ নাই পানী ৷ এসাঁজ খায় এসাঁজ লঘোণে থাকি পাৰ কৰিছে এক দুৰ্বিহ জীৱন ৷হয় , এয়া এক আইতাৰ কৰুণ কাহিনী ৷ ভঙা পজাঁত অকলসৰে বাস কৰি আছে আইতাজনী ৷  প্ৰথমে চাওক এই দৃশ্য ৷ এই ভঙা পজাঁতে বাস কৰে এইজনী আইতাই ৷  এই দৃশ্য হৈছে ছয়গাওঁ সমষ্টিৰ লাৰুৱাজানৰ। ২ নং হাটিসুলা ভুলুকাবাড়ী গাওঁ পঞ্চায়তৰ বাসিন্দা এই আইতাজনীৰ নাম হল বাতাপী  বেওবা ৷ এই বৃদ্ধ বয়সত অকলশৰে এই ভঙা পজাত দিন কটাইছে বাতাপী বেওবাই৷  আজিলৈ কোনো চৰকাৰী আচনিয়ে ঢুকি নাপালে এই বৃদ্ধা আইতাক৷                

কোনো আচনিয়ে আজিলৈ  লাভ কৰা নাই বাতাপী বেওবাই ৷ প্ৰধান মন্ত্ৰী আৱাস যোজনা ,  অৰুণোদয়  আদি সকলো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত এই বাতাপী বেওবাই ৷ বৰ্ত্তমান  পুত্ৰই ও পোৱা নাই কোন ধৰণৰ আচনি ৷         

ছয়গাওঁ‌ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে শুনক ৷ আপোনাৰ সমষ্টিৰ মানুহৰ দুখৰ কথা ৷ ভোটৰ সময়ত ভোট ভিক্ষা কৰিবলৈ ঠিকেই আহিছিল , বিধায়ক হোৱাৰ পিচত কিন্ত আপোনাৰ মনত নপৰিল এইসকল দুখীয়া জনতালৈ । ৰাজ্যৰ ৰাজনিতি বাদ দি নিজ সমষ্টিৰ কথা ভাবক ৷ এতিয়া প্ৰশ্ন হয় কিয় বঞ্চিত হৱ লাগে চৰকাৰী আচনিৰ পৰা ৷ নে আহিও ঘুৰি যায় ঘোচ দিব নোৱাৰাৰ বাবে ৷ 

মহিদুল ইছলাম, বকো ,Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here