থাইলেণ্ডত আৱদ্ধ ব্যক্তিক উভতাই আনিবলৈ সহায়ৰ হাত অভিনেতা চনু সুদৰ

7
Sonu Sood
Sonu Sood

থাইলেণ্ডত আৱদ্ধ ব্যক্তিক উভতাই আনিবলৈ সহায়ৰ হাত অভিনেতা চনু সুদৰ

থাইলেণ্ডত আৱদ্ধ ব্যক্তিক চনু সুদৰ সহায়ৰ হাত ।
অভিনেতা চনু সুদৰ উদাৰতাৰ কাহিনী সৰ্বত্তে চৰ্চা
অভিনেতাগৰাকীয়ে লকডাউনৰ সময়তো বহু লোকক সহায় হাত আগবঢ়াইছিল । বিভিন্ন ৰাজ্যত অৱদ্ধ হৈ পৰা শ্ৰমিক সকলক অভিনেতাগৰাকীয়ে নিজ খৰচত ঘৰলৈ পঠিয়াইছিল । অভিনেতাগৰাকীৰ এনে মানৱদৰদী কৰ্ম আজিও অব্যাহত আছে। শেহতীয়াকৈ থাইলেণ্ডত আৱদ্ধ হৈ থকা এগৰাকী ভাৰতীয়ক ঘৰলৈ উভতি আনিবলৈ আগবাঢ়ি আহিল অভিনেতা চনু সুদ । প্ৰেৰণ কৰিলে বিমানৰ টিকট ।
চনু সুদে ব্যক্তিগৰাকীৰ এটা ভিডিঅ আপলোড কৰিছে ।
লগতে প্ৰেৰণ কৰিছিল মৰমসনা সৰু বাৰ্তা । ব্যক্তিগৰাকীৰ নাম
চাহিল খান। চাহিলে ১১ জুনত টুইট কৰিছিল, চনুৰ পৰা সহায় বিচাৰি । অভিনেতা চনুৱে লগে লগে তেওঁক
সঁহাৰি জনাই লগে লগে প্ৰেৰণ কৰে বিমানৰ টিকট ।
পিছদিনা চাহিল উপস্থিত হৈছিল ভাৰতত ।
ভাৰতত উপস্থিত হৈয়ে চাহিলে ভিডিঅ আপলোড শ্বেয়াৰ কৰি কৰি ধন্যবাদ জনাইছে।

Entertainment Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here