Sunday, March 26, 2023
HomeAssameseBypolls Election - ত্ৰিপুৰাৰ বোৰদৌলী আসনত জয়ী মুখ্যমন্ত্ৰী মাণিক সাহা

Bypolls Election – ত্ৰিপুৰাৰ বোৰদৌলী আসনত জয়ী মুখ্যমন্ত্ৰী মাণিক সাহা

Bypolls Election – ত্ৰিপুৰাৰ বোৰদৌলী আসনত জয়ী মুখ্যমন্ত্ৰী মাণিক সাহা

আজি ঘোষিত হব উত্তৰ প্ৰদেশৰ ৰামপুৰ , আজমগড় আৰু পঞ্জাৱৰ সংৰুৰ লোকসভা আসনৰ ফলাফল । ইয়াৰোপৰি ত্ৰিপুৰাৰ ৪ খন বিধানসভা আসন , ঝাৰখণ্ড , দিল্লী আৰু অন্ধ্ৰপ্ৰদেশৰ এখনকৈ আসনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ফলাফল ঘোষিত হব । বৰ্তমানেও অব্যাহত আছে ভোটগণনা ।
উত্তৰ প্ৰদেশৰ ৰামপুৰ লোকসভা আসনত বিশাল জয় সাব্যস্ত কৰিছে বিজেপি প্ৰাৰ্থী ঘণশ্যাম সিং লোধীয়ে । সমাজবাদী দলৰ প্ৰাৰ্থীগৰাকীক ৪২০৪৮ টা ভোটত পৰাজিত কৰিছে ঘণশ্যাম লোধীয়ে । আনহাতে ৰাজ্যখনৰ আজমগড় আসনত সমাজবাদী দলৰ ধৰ্মেন্দ্ৰ যাদৱতকৈ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অভিনেতা নিৰহুহা।
পঞ্জাৱৰ সংৰুৰ লোকসভা আসনৰ বাবে হোৱা নিৰ্বাচনৰ ভোটগণনাত শিৰোমণি আকালি দলৰ প্ৰাৰ্থী সিমৰণজীৎ সিঙ মানে তেৱঁ‌ৰ নিকটতম প্ৰতিদ্বন্দী আম আদমী দলৰ প্ৰাৰ্থী গৰাকীক পৰাজিত কৰিছে ।
ত্ৰিপুৰাৰ ৪ খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপনিৰ্বাচনত ৩ খন আসনত জয়লাভ কৰিছে বিজেপিয়ে । ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে এখন আসন । টাউন বোৰদৌলী আসনত বিজয় সাব্যস্ত কৰিছে বিজেপি প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী মাণিক সাহাই । লগতে বিজেপিয়ে জয়লাভ কৰিছে যুৱৰাজনগৰ আৰু সুৰমা বিধানসভা আসন দুখন । কংগ্ৰেছে বিজয় সাব্যস্ত কৰিছে আগৰতলা আসনত ।
দিল্লীৰ ৰাজেন্দ্ৰ নগৰ বিধানসভা আসনত আম আদমী দলৰ প্ৰাৰ্থী দুৰ্গেশ পাঠকে বিজেপি প্ৰাৰ্থী ৰাজেশ ভাটিয়াক পৰাজিত কৰিছে ।
ঝাৰখণ্ডৰ মান্দৰ বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপনিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী গংগোত্ৰী কুজুৰে কংগ্ৰেছ প্ৰাৰ্থী শিল্পী নেহা তিৰ্কীতকৈ ১১২ টা ভোটত আগবাঢ়ি আছে ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments