ত্ৰিপুৰাৰ টিংকু ৰায়ক অৰ্পণ কৰা হব নতুন দায়িত্ব

0
1216

 

যুব শক্তিৰ মাধ্যমৰে মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা বিতাৰিত কৰাৰ ৰণকৌশল তৈয়াৰ কৰিছে  অমিত শ্বাহে । বিজেপিৰ ৰাষ্টীয় সভাপতিৰ প্রথম পছন্দ ত্রিপুৰাৰ টিংকু ৰায় । উল্লেখযোগ্য যে টিংকু ৰায়ে ত্রিপুৰাৰ গাওঁ‌ , চহৰ , পাহাৰ ভৈয়ামে  পৰিবর্তনৰ শ্লোগানক মজবুত কৰিছিল ত্রিপুৰাত । ৰায়ৰ নেতৃত্বে ত্রিপুৰাত যুব সংগঠনে চিপিএম ৰ বিৰুদ্ধে ৰাজনৈতিক যুজঁ‌ত আগবাঢ়ি আছে । সেই টিংকু ৰায়কে পশ্চিম বংগৰ  যুব মৰ্চাৰ পৰামর্শ দাতা হিচাপে নিয়োগ কৰিবলৈ আগ্ৰহী পুনম মহাজন।

সুত্রৰ খবৰ মতে বিজেপি সভাপতি অমিত শ্বাহৰ  প্রথম পছন্দ ত্রিপুৰাৰ টিংক ৰায়ু। ত্রিপুৰাৰ নিৰ্বাচন যেনেকৈ অসমৰ মন্ত্রী , নেতাই ত্রিপুৰাৰ দলীয় নেতা কৰ্মীক গাইড কৰিছিল তেনেকৈ পশ্চিম বংগৰ নেতা কৰ্মীকো গাইড কৰিব টিংকু ৰায়ে ।  টিংকু ৰায়ে ২৫ বছৰীয়া  বাওঁ‌দলৰ  দুৰ্গ চিন্ন ভিন্ন কৰিবলৈ  বুথ স্তৰত ত্রিপুৰাৰ যুৱ বাহিনীক শক্তিশালী ৰুপত গঢ়ি তুলিছিল । সেই টিংকু ৰয়ক এইবাৰ পশ্চিম বংগৰ যুৱ সংগঠনক শক্তিশালী কৰা দায়িত্ব অৰ্পণ কৰা হব।

(প্ৰণত কুমাৰ চান্দ , ত্ৰিপুৰা Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here