তেজপুৰত দলিলৰ নাটনিঃ সচাঁ নে মিছা?

0
77

 

তেজপুৰত দলিলৰ নাটনিঃ সচাঁ নে মিছা?

২০০৬ চনত আব্দুল কৰিম টলগী আৰু অন্য সাতজন লোকক জালি দলিল ছপাঁ কৰাৰ অভিযোগত অপৰাধী সাব্যস্ত কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। আব্দুল কৰিম টলগীয়ে মুঠতে ৩৫০ জন লোক নিযুক্ত কৰি জালি দলিল গোটেই দেশত বিয়পাই বহু টকা উপাৰ্জন কৰিছিল। সেই কেলেংকাৰীৰ আনুমানিক উপাৰ্জন আছিল – ১.৪ বিলিয়ন ইউ এচ ডলাৰ।
সেই কেলেংকাৰীত তলৰ পৰা ওপৰলৈ বহুতো চৰকাৰী বিষয়া জড়িত থকাৰ কথা পোহৰলৈ আহিছিল। ২৮ জুন, ২০০৭ চনত টলগী আৰু সাতজন সহযোগীক ৩০ বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল। কিন্তু ২০১৭ চনৰ ২৩ অক্টোবৰত বিভিন্ন ৰোগৰ দ্বাৰা আক্ৰান্ত টলগীৰ বাংগালুৰুত জেলৰ ভিতৰতে মৃত্যু হয়।
এই ঘটনাটো মনত পৰিল এটা সৰু কথাৰ বাবে । আজি কিছুদিন ধৰি তেজপুৰৰ কাছাৰীত দলিলৰ অভাৱ পৰিলক্ষিত হৈছে। দেশৰ অন্যান্য ঠাইত এনেকুৱা হৈছে নে নাই নাজানোঁ। কিন্তু তেজপুৰৰ কোৰ্টত আজি প্ৰায় এবছৰৰ পৰা ৫০ টকাৰ দলিল পাবলৈ নোহোৱা হৈছে। জানিব পৰা মতে, তাৰ সমান্তৰাল ভাৱে দলিলৰ এখন ক’লা বজাৰো গঢ়ি উঠিছে। কিন্তু এই কতাও সত্য যে পঞ্চাশ টকাৰ দলিল পাচশ টকা, এশটকীয়া দলিল দুহেজাৰ টকা দিলে পোৱা যায়। তাৰ বিপৰীতে কোনেও মুখ নোখোলে। নিৰুপায় হৈ গ্ৰাহকে বিক্ৰেতাৰ পৰা বহু বেছি টকা দি হ’লেও কিনিবলৈ বাধ্য হৈছে।
এতিয়া প্ৰশ্ন হৈছে – এই ক’লা বজাৰত কোন জৰিত? চৰকাৰে পৰ্যাপ্ত পৰিমাণে দলিলৰ যোগান ধৰিব পৰা নাই নেকি? তেতিয়া হ’লে চৰকাৰে কিমান টকাৰ ৰাজহ লোকচান ভৰি আছে, তাৰ হিচাপ চৰকাৰে কৰিব।
যদিহে চৰকাৰী যোগান সচাঁকৈয়ে পৰ্য্যাপ্ত অৱস্থাত নাই, তেন্তে চৰকাৰে তাৰ বিকল্প ব্যৱস্থা কৰি জনতাক দলিলৰ ঝামেলাৰ পৰা ৰেহাই দিয়া উচিত, যাতে গ্ৰাহকে দলিল বিচাৰি হাবাথুৰি খাই ফুৰিব নালাগে। যদি কাৰোবাৰ ছত্ৰ-ছাঁয়াত কোনো ক’লা বজাৰ গঢ়ি উঠিছে, তেন্তে তাৰো উচিত বিচাৰ-খোচাৰ হ’ব লাগে। সাধাৰণ জনতাক চক্ৰবেহুৰ মাজত এৰি দিয়াৰ অৰ্থ সকলোৰে বোধগম্য হোৱা নাই।
আমি আশা ৰাখিম যে আকৌ এটা “ষ্টাম্প পেপাৰ স্কেণ্ডেল” সংঘটিত নহওক।

আৰ কে বেজবৰুৱা। তেজপুৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here