প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰত অহা ২, ৩ আৰু ৪ মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন।
প্ৰতিকূল বতৰকো নেওচি দিনে নিশাই যুদ্ধকালীন ভাৱে সাহিত্য সভাৰ প্ৰস্তুতিৰ কাম চলি আছে তামুলপুৰৰ কচুবাৰীত।
অহা ৪ মে’ত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ বড়ো সাহিত্য সভাৰ মুকলি অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
সোঁশৰীৰে উপস্থিত থাকি বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশনৰ কামৰ তদাৰক কৰিছে বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে।
বিগত দিন সমূহত তামুলপুৰত উপস্থিত হৈ কামৰ অগ্ৰগতিৰ বুজে লৈছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ উপৰিও অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, অশোক সিংহালৰ উপৰিও কেইবাগৰাকীও মন্ত্ৰী আৰু সাংসদে।
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপৰিও কেইবাগৰাকীও মন্ত্ৰী বিধায়কে বুজ লৈছে কামৰ অগ্ৰগতিৰ।
আজিও উপস্থিত থাকি কামৰ তদাৰক কৰিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ লগতে মন্ত্ৰী ইউ জি ব্ৰহ্ম, স্থানীয় বিধায়ক জলেন দৈমাৰী আৰু আদৰণি সমিতিৰ সভাপতি তথা বিটিচিৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্ম নাৰায়ণ দাসকে ধৰি কেইবাগৰাকীও বিটিচিৰ কাৰ্যবাহী সদস্যই।
ইতিমধ্যে সাহিত্য সভাৰ অধিবেশনৰ মঞ্চ, ৰভা, প্ৰতিনিধি শিবিৰ, পতাকা উত্তোলনথলী, প্ৰদৰ্শনীথলী আদিৰ কাম প্ৰায় ৯০% সমাপ্ত হৈছে বুলি সদৰী কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে।