Home Assamese তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ উদ্যোগত বাইক ৰেলী

তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ উদ্যোগত বাইক ৰেলী

64

তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ উদ্যোগত বাইক ৰেলী

বুধবাৰে তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ উদ্যোগত আৰু জিলা পৰিবহন বিভাগৰ সহযোগত আজাদি কা অমৃত মহোৎসৱ উপলক্ষে স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কায্যসূচী গ্ৰহণ কৰিছে ।ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনন কেন্দ্ৰ স্থাপন কৰা হৈছে । অহা ১৩ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা । এই মহৎ উদ্দেশ্যৰ লগত সংগতি ৰাখি তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া কায্যলয়ৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত ঘৰে ঘৰে ত্ৰিৰংগা কায্যসূচীৰ জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যি তিনিচুকীয়া আৱৰ্ত ভৱনৰ পৰা সমগ্ৰ তিনিচুকীয়া চহৰতে এক বাইক ৰেলী কায্যসূচীৰ হাতত লয় । উক্ত কায্যসূচীত লায়নছ ক্লাব তিনিচুকীয়া জিলা সমিতিয়েও শীতল পানী আদি যোগান ধৰি নিজৰ সহযোগিতা আগবঢ়াই । ঘৰে ঘৰে জাতীয় পতাকা কায্যসূচীত লোৱা উক্ত বাইক ৰেলী ত জিলা প্রশাসনৰ উচ্চপদস্থ বিষয়া সকলৰ লগতে সকলো চৰকাৰী কৰ্মচাৰী বিষয়াসকল উপস্থিত থাকে । লগতে তিনিচুকীয়া জিলা যান বাহন আৰক্ষী আৰু ৬৮ নং কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনীৰ জোৱান সকলেও বাইক ৰেলী ত অংশগ্ৰহণ কৰে ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here