Home Assamese তিনিচুকীয়া ৰাইজৰ দলৰ সংবাদ মেল

তিনিচুকীয়া ৰাইজৰ দলৰ সংবাদ মেল

73

তিনিচুকীয়া ৰাইজৰ দলৰ সংবাদ মেল

বুধবাৰে তিনিচুকীয়া বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ত ৰাইজৰ দলে এক সংবাদ মেলৰ আয়োজন কৰে ।

যোৱা কিছুদিনৰ আগতে ৩নং কৰ্দৈগুৰিৰ ২৪টা পৰিয়ালক ফিলবাৰী থানাৰ অন্তৰ্গত ৩নং টেঙানি গাওঁত এবিঘাকৈ মাটি ভূমি আবন্টন দিছিল কিন্তু ৩১ জুলাই তাৰিখে ৰূপাইৰ বাসিন্দা ৰূপক দত্তৰ নেতৃত্বত এচাম দুস্কৃতিকাৰীয়ে ভয় ভাবুকি দেখুৱাই পৰিয়াল কেইটাক উক্ত ঠাইৰ পৰা খেদি পঠিয়াই,সেই ২৪ তা পৰিয়ালে যোৱা ৩১ তাৰিখৰ পৰা ৰূপাই স্থিত চক্ৰ বিষয়া কায্যালয়ৰ প্ৰাংগণত থিতাপি লোৱাৰ উপৰিও অৱস্থান ধৰ্মঘট বৰ্তমান পৰ্যন্ত কৰি আছে ।

ৰাইজৰ দলে আজি সংবাদ মেলৰ জৰিয়তে চৰকাৰক উক্ত পৰিয়ালকেইটিক পুনঃসংস্থাপন নিশ্চিত কৰাৰ লগতে প্ৰতিটো পৰিয়ালক ৭ বিঘা ভূমি আবন্টন দিয়া , প্ৰতিটো পৰিয়ালৰে নিৰাপত্তা সুনিশ্চিত কৰা , ক্ষতিপূৰণ দিয়া আৰু লগতে দুস্কৃতিকাৰী আৰু ৰূপম দত্তৰ ওপৰত তদন্তকৰি উপযুক্ত শাস্তি বিহিবলৈ দাবী জনায়

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here