Tuesday, March 21, 2023
HomeAssameseতিনিচুকীয়া হিজুগুৰিত পথ দুৰ্ঘটনা

তিনিচুকীয়া হিজুগুৰিত পথ দুৰ্ঘটনা

তিনিচুকীয়াৰ হিজুগুৰি উৰণীয়া হেতুৰ সমীপত পুনৰ সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷

AS01 U8595 নম্বৰৰ ট্ৰাকখনে মহটিয়ালে এজন পথাৰোহীক ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত হিজুগুৰি আৰক্ষী উপস্থিত হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পথাৰোহীগৰাকীক চিকিৎসাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনৰ চালকজন পলায়ন কৰে যদিও বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

আঘাতপ্ৰাপ্ত আৰোহীগৰাকী হিজুগুৰিৰ মা কালি হোটেলৰ কৰ্মচাৰী বুলি জানিব দিয়ে স্থানীয় ৰাইজে ৷

স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ অভিযোগ যে ৰে’লৱে ট্ৰেকৰ পৰা FCI গোদামলৈ চালকসকলে হেণ্ডিমেনৰ অবিহনে ট্ৰাক চলোৱাৰ কাৰণে একে স্থানতে বাৰম্বাৰ সংঘটিত হৈছে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা ৷

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments