Friday, March 24, 2023
HomeAssameseতিনিচুকীয়া সদৰ আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ ৫ সদস্যক

তিনিচুকীয়া সদৰ আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ ৫ সদস্যক

তিনিচুকীয়া সদৰ আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ ৫ সদস্যক

বুধবাৰে তিনিচুকীয়া সদৰ আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ ৫জন সদস্যক। যোৱাকালি ডিগবৈ ত বীৰ লাচিত সেনা অসমৰ ডিগবৈ আঞ্চলিক সমিতিয়ে অবৈধ ড্ৰাগছ প্ৰচলনৰ বিৰুদ্ধে জোৰ সমদলৰ কায্যসূচী লৈছিল। উক্ত জোৰ সমদলৰ কায্যসূচীৰ মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়ো ৰ তৎপৰতাত আৰক্ষীয়ে বাধা প্ৰদান কৰি লাঠীচালনা কৰাত ছত্ৰভংগ দিয়ে প্ৰতিবাদকাৰী সকল ।উল্লেখযোগ্য যে বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ আৰম্ভ হোৱাৰ আগতেই ডিগবৈ দোকান পোহাৰ সমূহ বলপূৰ্বক বন্ধ কৰাৰ অভিযোগ আৰক্ষীৰ । ডিগবৈ আটক কৰা দুই সদস্যক তিনিচুকীয়া সদৰ আৰক্ষী চকীলৈ প্ৰেৰণ কৰে । বুধবাৰে আটকাধিন সদস্যৰ স্বাস্থ্যপৰীক্ষাৰ হেতু তিনিচুকীয়া অসামৰিক চিকিৎসালয় নিয়াৰ সময়তে বীৰ লাচিত সেনা তিনিচুকীয়া জিলা সমিতিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠী
চালনা কৰাৰ লগতে ৫জনকৈ সদস্যক আটক কৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments