তিনিচুকীয়া শুকানপুখুৰীত বিধ্বংসী অগ্নিকাণ্ড
মানিৰুল হ’ক নামৰ এজন লোকৰ ভাৰাঘৰত সংঘটিত হয় অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত বিস্ফোৰিত হয় দুটাকৈ চিলিণ্ডাৰ ৷ পৰৱৰ্তী সময়ত অগ্নিকাণ্ডস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰে যদিও ইতিমধ্যে ৮ টাকৈ ভাৰাঘৰ সম্পূৰ্ণৰূপত জুইত জাহ যায় ৷ অগ্নিকাণ্ডটোত কিমান টকাৰ সা-সম্পত্তি নষ্ট হ’ল এইপয্যন্ত জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News