Thursday, March 30, 2023
HomeAssameseতিনিচুকীয়া মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সভা

তিনিচুকীয়া মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সভা

তিনিচুকীয়া মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সভা

মাকুমৰ বনৰক্ষী প্ৰশিক্ষণ বিদ্যালয়ৰ সভাগৃহত আজি তিনিচুকীয়া মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এখন সাধাৰণ সভা অনুস্থিত হয়।সভাত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যকৰী সভাপতি তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী,অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ,তিনিচুকীয়া মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি বিৰেশ্বৰ চাওৰক সম্পাদক সুবোধ মৰাণকে আদি কৰি শতাধিক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী উপস্থিত থাকে।ৰাজ্যৰ প্ৰাথমিক শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰ লগতে জিলাখনৰ শিক্ষক সকলে সন্মূখীন হোৱা সমস্যাৰাজিৰ বিষয়ে সভাত বিষদ ভাৱে আলোচনা কৰা হয়।ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে নতুন শিক্ষা নীতিৰ ক্ষেত্ৰত চৰকাৰৰ লগত যোগাযোগ অব্যাহত আছে আৰু নতুন শিক্ষা নীতিৰ ক্ষেত্ৰত শিক্ষক নিয়োগৰ বিষয়টোও চৰকাৰৰ দৃষ্টি গোচৰ কৰা হৈছে বুলি উল্লেখ কৰে।শিক্ষক সকলে সমাজত এক পৰিৱেশ গঢ় দিবলৈ চৰকাৰে এৰা ধৰাৰ মাজেৰে যোগাত্মক ভাৱে আগবাঢ়িব লাগিব বুলিও জানিবলৈ দিয়ে।ঠিকা ভিত্তিক শিক্ষক সকলৰ ডি:এ অনুমোদনৰ ক্ষেত্ৰতো সোনকালে ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায়।সভাতে তিনিচুকীয়া শিক্ষক সন্মিলনীয়ে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতিৰ পদত বিনা প্ৰতিদ্বন্দীতাৰে নিৰ্বাচিত হোৱাত ৰাতুল গোস্বামীক আৰুকৃতী শিক্ষয়ত্ৰী মিনতি মৰাণে চুপাৰ ৱ’মিন বঁটা লাভ কৰাত সম্বৰ্ধনা জ্ঞাপন কৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments