তিনিচুকীয়া বড়া হুণ্ডাইত, হুণ্ডাই ভেনু বাহন মুকলি
বহু প্ৰতীক্ষাৰ অন্তত শুক্ৰবাৰে বাণিজ্য চহৰ তিনিচুকীয়া লাইপুলিস্থিত বড়া হুণ্ডাইত, গ্ৰাহকৰ বাবে মুকলি হল অত্যাধুনিক কাৰিকৰী প্ৰযুক্তি সম্পন্নৰে তৈয়াৰী হোৱা হুণ্ডাইৰ কোম্পানীৰ নৰূপত ভেনু নামৰ বাহনখন।
উল্লেখযোগ্য যে এইখন বাহনৰ বিশেষত্ব মুঠ ৬০ টা ভাষাৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে আমাৰ অসমীয়া ভাষাটো প্ৰযুক্তি হিচাপে বাহন খনত সংলগ্ন আছে।
উক্ত অনুষ্ঠানটিত বড়া হুণ্ডাইৰ স্বত্বাধিকাৰী মানস প্ৰীতম কোঁৱৰৰ উপস্থিটিত তিনিচুকীয়া ষ্টেট বেংকৰ মুখ্য পৰিচালক বিক্ৰম শঙ্কৰ প্ৰসাদে বাহন খন বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News