তিনিচুকীয়া বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত ডঃ ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ প্ৰস্তুতি
তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আৰু প্ৰতিমূৰ্তি নিৰ্মান সমিতিৰ সহযোগত
বিশ্ববৰণ্য শিল্পী ,ভাৰতৰত্ন সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দেৱৰ জন্মজয়ন্তী অহা ৮ছেপ্টেম্বৰত তিনিচুকীয়াৰ থানা চাৰিআলি স্থিত ডঃ ভূপেন হাজৰিকা স্মৃতি উদ্যানত এদিনীয়া কায্যসূচীৰে অনুষ্ঠিত হব ।
উক্ত জন্মজয়ন্তীৰ লগত সংগতি ৰাখি কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰো অনুষ্ঠিত হব ।
ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পনৰ পিচতেই প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হব । প্ৰতিযোগিতা সমূহ ক্ৰমে ভূপেন্দ্ৰ সংগীত, আধুনিক সৃষ্টিমূলক প্ৰতিযোগিতা ভূপেন্দ্ৰ সংগীতৰ আধাৰত ।

সন্ধিয়ালৈ ৰাইজৰ মনোৰঞ্জন ৰ অৰ্থে অসমৰ জনপ্ৰিয় দুগৰাকী শিল্পী পথাৰ শিল্পী লুইত গগৈ আৰু ৰাজীৱ শদিয়াৰ সংগীতানুষ্ঠানত সমূহ তিনচুকীয়াবাসী ৰাইজক উক্ত অনুষ্ঠান সমূহ উপভোগ কৰিবলৈ সাদৰৰে নিমন্ত্ৰণ জনায় ।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News