শদিয়া মহকুমাৰ সদৰ চপাখোৱা চহৰৰ উদয় নগৰৰ নিৱাসী এগৰাকী ৩০বছৰীয়া উচ্চ শিক্ষিত যুৱক জনাৰ্দন গগৈ(চেংকয়)ৰ আলফা(স্বাধীন)ত যোগদান৷ইতিমধ্যে আলফা(স্বা)ত যোগদান কৰা যুৱক গৰাকী তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছ সমিতিৰ উপ-সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল৷তদুপৰি ছাত্ৰ অৱস্থাৰ পৰাই যুৱকগৰাকী বিভিন্ন সাহিত্যৰ চৰ্চাৰ লগতে সামাজিক কাম-কাজত জড়িত আছিল৷উল্লেখ্য যে যুৱক গৰাকী এটি ছবছৰীয়া ল’ৰা সন্তানৰ পিতৃ লগতে পত্নী তিনিমহীয়া অন্তঃসত্তা৷ যুৱক জনৰ পিতৃৰ চাৰিমাহৰ পূৰ্বে মৃত্যু ঘটিছে আৰু মাতৃও শাৰীৰিক ভাৱে অসুস্থ৷ঘৰখনৰ মূল চালিকা স্বৰূপ যুৱকজনৰ আলফালৈ গমনৰ বাতৰি পোৱাৰ লগেলগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷যোৱা শনিবাৰে পুৱা মান বজাত তিনিচুকীয়ালৈ যাঁও বুলি কৈ ঘৰৰ পৰা উলাই গৈছিল যুৱকজন৷আজি পুৱা ফেচবুক মাধ্যমৰ ব্যক্তিগত একাউণ্টৰ জৰিয়তে যুৱকজনে আলফাত যোগদানৰ কথা প্ৰকাশ কৰে ৷
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া,Ne India News