তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ কংগ্ৰেছ ভৱনৰ সমীপত নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ

7

তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ কংগ্ৰেছ ভৱনৰ সমীপত নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ

মঙ্গলবাৰে সন্ধিয়া তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছ ভৱনৰ সমীপত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পুটলিকা দাহ কায্যসূচী ৰূপায়ন কৰে । কংগ্রেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদ সকলে আজি দেশত চলি থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিকে লৈ বিভিন্ন সমস্যাৰ সমাধানৰ স্বাৰ্থত দেশৰ ৰাষ্ট্রপতিৰ লগত আলোচনা বহিব বিচাৰিছিল কিন্ত আৰক্ষীয়ে বাধা প্ৰদান কৰাত যুৱ কংগ্ৰেছৰ সভাপটি শ্ৰীনিবাছ বিপি যিয়ে যুৱ কংগ্ৰেছ সকলক লৈ বিজেপি চৰকাৰ আৰু আৰক্ষীৰ ভূমিকাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল ।ইয়াৰ পাছতে ৰাহুল গান্ধীসহ যুৱ কংগ্ৰেছৰ উপ সভাপতি গৰাকীক আৰক্ষীয়ে আটক কৰি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ বিষয়ববীয়া সকলে। এই পুটলিকা দাহ কায্যসূচীত তিনিচুকীয়া জিলা ৰ যুৱ কংগ্ৰেছী সকলে নৰেদ্ৰ মুদি মূর্দাৱাদ , অমিত শ্বাহ মূর্দাৱাদ ,বিজেপি চৰকাৰ হায় হায় ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here