Sunday, December 4, 2022
HomeAssameseতিনিচুকীয়া জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

পৰম্পৰাগত গায়ন-বায়ন হৈছে অসমৰ চিনাকী,চহকী কিম্বা অসমৰ গৌৰৱ, মৃদঙীয়া গায়ন-বায়নে অসমৰ সকলো জনগোষ্ঠীক ভাতৃত্ববোধৰ এনাজৰী ডাল ধৰি ৰখাত যথেষ্ট খিনি অৰিহণা যোৱাত সহায় কৰিছে।

আধ্যাত্মিকতাৰ গায়ন-বায়নৰ যোগেদি এখন নিকা সমাজ গঠন কৰা,মানুহৰ মনত চিন্তা ভাব ধাৰাবোৰ শুদ্ধ কৰাৰ লগতে মানৱ ধৰ্ম পালন কৰা অতীজৰে পৰা চলি আহিছে।

অসমৰ গায়ন-বায়ন বিশ্ব দৰবাৰত এক সুকীয়া স্থান আছে,ৰাজ্য বিভিন্ন প্ৰান্তৰ বিভিন্ন সময়ত,বিভিন্ন শুভ অনুষ্ঠানত মৃদঙীয়া গায়ন-বায়নে পৰিবেশ মুখৰীত কৰি তোলাৰ অন্য এক উদাহৰণ আছে।

তাৰ সমান্তৰাল ভাৱে তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাইও খুব কম সময়তে ৰাজ্যত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।

তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাই ২৬ ছেপ্টেম্বৰ ২০২২ তাৰিখে এবছৰত গৰকিল হি,প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাই তিনিচুকীয়া জিলাৰ মাকুম জ্যোতিনগৰস্থিত মায়ামৰা অনিৰুদ্ধ দেৱ নামঘৰত এদিনীয়া কায্যসূচীৰে প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰে।

তিনিচুকীয়া জিলা মৃদঙীয়া গায়ন-বায়ন সংস্থাৰ সভাপতি নিৰেশ্বৰ চাওৰক,সম্পাদক বলিন চেতিয়াৰ লগতে জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা বিষয়ববীয়া সকলৰ উপস্থিটিত পুৱাৰে পৰা পতাকা উত্তোলনৰ লগতে স্মৃতি তৰ্পণত বন্তি প্ৰজ্বলন আদিৰে আৰম্ভ হোৱা গায়ন-বায়ন ভকত বৃন্দ সকলৰ নাম প্ৰসংগৰে মুখৰীত কৰি তোলে নামঘৰৰ চৌপাশৰ পৰিবেশ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments