তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যান দিৱস উদযাপন
বুদ্ধেশ্বৰ বৰদলৈ আৰু প্ৰাণেশ্বৰী বৰদলৈ সু সন্তান অসম আন্দোলনত সক্ৰিয়ভাবে আগভাগ লৈ জাতিৰ হকে জেল হাজোটলৈ যোৱা অসম গৌৰৱ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে বৃহস্পতিবাৰে তিনিচুকীয়া জিলা প্রশাসনৰ উদ্যোগত লোক কল্যান দিৱস উদযাপন কৰে । অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা উক্ত কায্যসূচীত বৰদলৈ দেৱক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ ফটোত মাল্যপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে । ১৮৯০ চনৰ ৬ জুনত নগাঁও জিলাৰ ৰহাত জন্মগ্ৰহণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমৰ নিষ্পেষিত আৰু শোষিত সকলো শ্ৰেণীৰ লোকৰ বাবে বলিষ্ঠ তাৰে মাত মতাৰ বাবেই তেখেত লোকপ্ৰিয় উপাধি লাভ কৰিছিল । উক্ত কায্যসূচীত তিনিচুকীয়া জিলা উপায়ুক্ত নৰ সিং পাৱাৰ , শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কৃশান , পৌৰপতি জয়ন্ত বৰুৱা , ,তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষা ডঃ অঞ্জনা গোস্বামী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যকৰি সদস্য দীপন মৰাণ , জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিদ্ৰ বৰদলৈ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থাকে ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News