তিনিচুকীয়া জিলা কাৰাগাৰত পৰিবেশ সুৰক্ষা সমিতিৰ গছপুলি ৰোপন
দেওবাৰে তিনিচুকীয়াৰ ককাৰাতলিস্থিত তিনিচুকীয়া জিলা কাৰাগাৰ প্ৰাংগণত পৰিবেশ সুৰক্ষা সমিতি অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ভাষৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচী অন্তৰ্গত গছপুলি ৰোপণ বিতৰণৰ এক বিশেষ কায্যসূচী লোৱা হয়। গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে তিনিচুকীয়া জিলা কাৰাগৰ অধীক্ষক উৎপল দুৱৰা আৰু জিলা কাৰাধ্যক্ষ প্ৰবীণ তামুলীয়ে । পৰিবেশ সুৰক্ষা সমিতি অসমৰ উদ্যোগত অসমৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়াৰ বিভিন্ন স্থানত গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালন কায্যসূচী পূৰ্বতেও লৈ আহিছে । এই বিশেষ কায্যসূচীত পৰিবেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ লগতে তিনিচুকীয়া জিলাৰ সকলো পৰিবেশ কৰ্মী উপস্থিত থাকে । তিনিচুকীয়া জিলা কাৰাগাৰৰ যোগ দিৱস উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতিৰ হৈ সাজ পোচাক প্ৰদান কৰে উদযাপন সমিতিৰ কাৰ্যকৰি সভাপতি দিগন্ত ভট্টই।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne india News