তিনিচুকীয়া জিলা অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ তিনি ঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী
অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানত ক্ষতিগ্রস্ত ৰাইজৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰ্ণৰ ব্যৱস্থা আৰু বৃহৎ নদীবান্ধ বন্ধ কৰা দাবীক লয় অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ৰ সমীপত আজি তিনি ঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। অৱস্থান ধর্মঘট কাৰ্যসূচী জৰিয়তে পৰিষদে কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ খুব প্ৰকাশ কৰে আৰু দাবী সমূহ শীঘ্ৰে সমাধান কৰিবলৈ স্মাৰক পত্ৰ জিলা উপায়ুক্ত যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰেৰণ কৰে।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News