শুক্ৰবাৰে অইল ইণ্ডিয়ান লিমিটেডৰ নিৰাপত্তা বাহিনী আৰু লাংকাছি আৰক্ষী চকীৰ যুটীয়া অভিযানত তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত ডিমৰুহোলা গাঁৱৰ কাষতে লাগি থকা লক্ষীপথাৰ বনাঞ্চলত চোৰাং ভাৱে মজুত কৰি ৰখা প্ৰায় ১৭০০ শ লিটাৰ কনডেন্স তেল জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখনীয় যে আজি প্ৰায় কেই মাহ মান পূৰ্বে একেই স্থানতে অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনীয়ে চোৰাং ভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ কনডেন্স তেল জব্দ কৰিছিল,কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে আজি পুনৰ সেই একেটা স্থানতে চোৰাং কনডেন্স তেল মজুত থকাকলৈ অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনীলৈ
বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্থাপিত হৈছে।
ইতিমধ্যে জব্দ কৰা বৃহৎ পৰিমাণৰ তেলখিনি অইল নিৰাপত্তা বাহিনী দলটোৱে এখন এজাহাৰ সহ লাংকাছি আৰক্ষী চকীত গতাই দিয়ে।
ৰন্টু বৰশইকীয়া তিনিচুকীয়া , Ne India News