ইংৰাজী ০৩ মাৰ্চ ২০২২ তাৰিখে তিনিচুকীয়া জিলাৰ মাকুম ছ’ট হাপজানস্থিত ট্ৰেক’নোভেল নামৰ ট্ৰান্সফ্ৰমাৰ নিৰ্মাণ কৰা ফেক্টৰীৰ পৰিচালক বীৰেন্দ্ৰ যাদৱক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে নৃশংস ভাৱে হত্যা কৰিছিল।ঘটনাৰ সন্দৰ্ভত মাকুম আৰক্ষীয়ে এজনক আটক কৰিছিল যদিও আটকাধিন লোক জনৰ কোনো ধৰণৰ বিশেষ তথ্য লাভ কৰা নাছিল।
এই হত্যাকাণ্ডৰ লগত জড়িত থকা মাষ্টাৰমাইণ্ড কেইজনক আটক কৰিবলৈ মাকুম আৰক্ষীৰ থানা ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ফুল কোঁৱৰ নেতৃত্বত সক্ষম হৈছিল যদিও মূল অভিযুক্ত গৰাকী পলাতক অৱস্থাত আছিল।
বৃহস্পতি বাৰে সন্ধিয়া সঞ্জীৱ ফুলকোঁৱৰৰ নেতৃত্বত এটা বিশেষ সুত্ৰৰ পৰা খবৰ পাই মূল অভিযুক্ত ইলিয়াছ কৰ্মকাৰক আটক কৰিবলৈ সক্ষম হয় ।