Tuesday, March 21, 2023
HomeAssameseতিনিচুকীয়া জিলাত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইন ১৪৪ ধাৰা জাৰি

তিনিচুকীয়া জিলাত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইন ১৪৪ ধাৰা জাৰি

তিনিচুকীয়া জিলাত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইন ১৪৪ ধাৰা জাৰি

মঙ্গলবাৰৰ পৰা তিনিচুকীয়া জিলাত জনশান্তি, জনসুৰক্ষা তথা স্থিৰ অৱস্থা বাহাল ৰাখিবৰ বাবে তিনিচুকীয়া জিলাৰ জিলা উপায়ুক্ত নৰসিং পৱাৰে য়ে সমগ্ৰ জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ভাৰতীয় দণ্ডাবিধি আইন ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিশেধাজ্ঞা জাৰি কৰিছে। পৰৱৰ্তি নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞাসমূহ সমগ্ৰ জিলাখনতে বাহাল থাকিব।

নিষেধাজ্ঞাসমূহ হৈছে:
✅ সংশ্লিষ্ট কতৃপক্ষ/জিলা প্ৰশাসনৰ আগতীয়া অনুমতি নোলোৱাকৈ কোনো ৰাজহুৱা স্থানত ৫ জন বা তাতোধিক ব্যক্তি সমবেত হব নোৱাৰিব।
✅জিলা প্ৰশাসনৰ অনুমতি নোহোৱাকৈ ৰাজহুৱা স্থানত সভা/সমিতি তথা জনসমাবেশ কৰিব নোৱাৰিব।
✅ মুখত মাস্ক পৰিধান নকৰাকৈ কোনো ব্যক্তিয়ে ৰাজহুৱা স্থানত আহিব নোৱাৰিব।
✅কতৃপক্ষৰ বিনাঅনুমতিত কোনোধৰণৰ সমদল/ধৰ্ণা তথা সমাবেশ অনুষ্ঠিত কৰিব নোৱাৰিব।
✅চৰকাৰী/অৰ্ধচৰকাৰী/ব্যক্তিগত আৱাসৰ দেৱাল তথা চৌহদত বেনাৰ/পষ্টাৰ লগাব নোৱাৰিব লগতে কোনো অভব্য / অভিযোগাত্মক শব্দ তথা বানী লিখিব নোৱাৰিব।
✅ৰাজহুৱা স্থানত শব্দ প্ৰদুষণ হব পৰা উচ্চ প্ৰৱল্যৰ স্পীকাৰ/মাইক আদি ব্যৱহাৰ কৰিব নোৱাৰিব।
✅সমদল/সমাবেশত আৰক্ষী আৰু সেনা বাহীনিৰ বাহিৰে আন কোনো ব্যক্তিয়ে ধাৰ থকা অস্ত্ৰ, আগ্নেয়াস্ত্ৰ, লাঠি আদি ৰাখিব নোৱাৰিব।
✅সমদল/সমাবেশত জুৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব।
✅যিকোনো কাৰণত দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠনৰ পৰা বলপূৰ্বক চান্দা সংগ্ৰহ কৰিব নোৱাৰিব।

✅জিলাখনত ৰাস্তাত চলি থকা বাহনসমূহৰ পৰা বলপূৰ্বক চান্দা সংগ্ৰহ কৰিব নোৱাৰিব।

✅কোনোধৰণৰ প্ৰৰোচিত শ্লগান দিব নোৱাৰিব।
✅কোনো ব্যক্তিয়ে বিভিন্ন সাম্প্ৰদায়িক গোটৰ মাজত বিক্ষোভ সৃষ্টি কৰিব পৰা তথা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা কোনো মন্তব্য অথবা কাৰ্য্য কৰিব নোৱাৰিব।
✅দুচকীয়া বাহনত এজনতকৈ অধিক লোক উঠিব নোৱাৰিব। (অৱশ্যেয়ে মহিলা, স্কুল যোৱা ছাত্ৰ-ছাত্ৰী, দায়িত্বত থকা সুৰক্ষা বাহিনীৰ লোক, চৰকাৰী কৰ্মচাৰী, অধিবক্তা, ৬০ উৰ্ধৰ ব্যক্তি, সাংবাদিক, চিকিৎসালয়লৈ যোৱা ব্যক্তি তথা সঠিক পৰিচয় পত্ৰ থকা বিশেষভাবে সক্ষম লোকসকলক নিৰ্দেশনাৰ বাহিৰত ৰখা হৈছে।)
✅ কোনোধৰণৰ ফটকা বিক্ৰী তথা ফুটাব নোৱাৰিব।

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments