বাণিজ্যিক চহৰ তিনিচুকীয়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ পৌৰসভাৰ লগতে প্ৰতিটো বিভাগেই গ্ৰহণ কৰিছে ইটোৰ পিছত সিটো আঁচনি, কেন্দ্ৰ বিন্দুস্বৰূপ থানা চাৰিআলিত নিৰ্মাণ কৰিছে সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তি লগতে চহৰৰ মাজমজিয়াৰ পকী দেৱালসমূহত অংকন কৰিছে ইটোৰ পিছত সিটো চিত্ৰ ,কিন্তু এই সৌন্দৰ্য্যসমূহ নিমিষতে নোহোৱা হবলৈ গৈ আছে । কাৰণ একাংশ দুষ্ট চক্ৰই এই পকী দেৱালসমূহত পানৰ পৰা আদি কৰি গুদখা জাতীয় পেকেট খাই পিক পেলোৱা পৰিলক্ষিত হৈছে লগতে পেশাব কৰা ও পৰিলক্ষিত হয়। এতিয়া তিনিচুকীয়া অঞ্চলৰ সচেতন মহলৰ ব্যক্তিসকলে এই একাংশ দুষ্ট চক্ৰক এনে সৌন্দৰ্য বিনষ্ট কাৰ্য নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে প্ৰশাসনক এই একাংশ দুষ্ট চক্ৰৰ ওপৰত নজৰ ৰাখি উচিত শাস্তি দিবলৈ দাবী জনায়।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News