তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত 

5

তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত 

মাকুম বাইপাছত তিনিচুকীয়া আৰক্ষীয়ে বিশেষ খৱৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ্ সহ আটক কৰিছে চাৰিজনক । প্ৰায় ১কে জি উজনৰ ড্ৰাগছ্ খিনি মাকুম বাইপাছত বিক্ৰীৰ বাবে লৈ আহিছিল আটকাধীন ড্ৰাগছ্ সৰবৰাহকাৰীৰ দলটোৱে । আটকাধীন ড্ৰাগছ্ সৰবৰাহকাৰী কেইটা পানীতোলাৰ পৰাগজ্যোতি বৰা , ধন্তু বৰা সহ ডিব্ৰুগড়ৰ স্মাইল আলী আৰু কাজী ফাৰোক । ইফালে অভিযানৰ সময়ত ড্ৰাগছ্ সৰবৰাহত ব্যৱহৃত AS06 M0030 নম্বৰৰ এখন SWIFT DESIRE গাড়ীও জব্দ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । ঘটনাস্থলীত ইতিমধ্যে তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ লগতে মাকুম আৰক্ষী উপস্থিত হৈ অধিক তথ্যৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here