তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ বিৰুদ্ধে সফল অভিযান
বুধবাৰে তিনিচুকীয়া সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত এটি দলে ড্ৰাগছ ৰ বিৰুদ্ধে সফল অভিযান চলায় । আৰক্ষীৰ দলটোৱে এটি বিশেষ সূত্ৰৰ পম খেদি তিনিচুকীয়াৰ আৰক্ষীয়ে ডিমাপুৰৰ পৰা তিনিচুকীয়া লৈ কঢ়িয়াই আনি থকা এখন ট্ৰেইনত প্ৰায় ৬১.৮ গ্ৰাম ওজনৰ ৫ পেকেট হিৰইন সহ এখন বাইক আৰু মোবাইল জদ্ব কৰিবলৈ সক্ষম হয় ।

উক্ত ড্ৰাগছ খিনিৰ বজাৰ মূল্য আনুমানিক ৫ লাখ টকা বুলি আৰক্ষী বিষয়া জনে জানিবলৈ দিয়ে । এই অভিযান কালত আৰক্ষীয়ে দুজন যুৱকক আটক কৰে ,উক্ত যুৱক দুজন নাম ক্ৰমে মাকোমৰ বিকাশ দত্ত আৰু মাকোমৰ লাচিত নগৰৰ সঞ্জয় কোঁৱৰ বুলি জানিব পৰা গৈছে । অনাগত দিনত ড্ৰাগছ ৰ বিৰুদ্ধে অভিযান চলি থাকিব বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়ে ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News