তিনিচুকীয়াৰ মাকুমত অইলে খন্দা গাঁতত সোমাই এজন লোকৰ মৃত্যু

6

তিনিচুকীয়াৰ মাকুমত অইলে খন্দা গাঁতত সোমাই এজন লোকৰ মৃত্যু

তিনিচুকীয়াৰ মাকুমত অইলে খন্দা গাঁতত সোমাই এজন লোকৰ মৃত্যু ।যোৱা কালি নিশা কামৰ পৰা ঘুৰি অহাৰ সময়তে অইলৰ গাতত পৰি মৃত্যু হয় লোকজনৰ।

মৃত লোকজন মাকুম সুন্দৰ নগৰৰ ৫০ বছৰীয়া ৰঘুনাথ ছেত্ৰী ।

মাকুম সুন্দৰ নগৰত থকা অইল ইণ্ডিয়াৰ তৈল খনন খাদৰ পৰা কিছুদূৰৈত সংঘটিত হৈছে এই ঘটনা ।

অঞ্চলটোত থকা খাদসমূহৰ আশে-পাখে অইল ইণ্ডিয়াই য’তে-ত’তে বৃহত-বৃহত গাঁত খান্দি সেই গাঁতসমূহ মুকলিলৈ ৰখাৰ অভিযোগ ৰাইজৰ ।

ব্যক্তিজনৰ মৃত্যুত মাকুম লাচিত নগৰ স্থিত অইল ইণ্ডিয়াৰ তৈল খাদত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতা কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ মৃত লোকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে সংস্থাপনৰ দাবী জনায় তেল খাদৰ প্ৰৱেশ দ্বাৰৰ সন্মূখত মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।গোৰ্খা ছাত্ৰ সন্থাই অইল ইণ্ডিয়া কতৃপক্ষই বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছটো উন্মূক্ত খাল সমূহত বেৰা নিদিয়াৰ অভিযোগ তুলি অনতিপলমে এই খাল সমূহত পকীবেৰ নিদিলে মাকুম অঞ্চলত অইলৰ সকলো খাদ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে।

ৰন্টু বৰশীইকীয়া , তিনিচুকীয়া , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here