তিনিচুকীয়াৰ বৌদ্ধ মন্দিৰত বাংলাদেশী
মঙলবাৰে নিশা তিনিচুকীয়া সদৰ থানাৰ আৰক্ষীয়ে তিনিচুকীয়াস্থিত বৌদ্ধ বিহাৰৰ পৰা ভিক্ষু বেশত থকা এজন সন্দেহজনক বিদেশী আটক কৰে। আটকাধিন লোক জনে নিজকে ৰতনশ্ৰী ওৰফে ৰাহুল বৰুৱা বয়স ৪২ বছৰ ঘৰ ত্ৰিপুৰা ঢালাই জিলাৰ বুলি পৰিচয় দিয়ে।
উল্লেখযোগ্য যে বিগত বছৰে এই সন্দেহজনক ভিক্ষু জনৰ বিৰুদ্ধে অভিযোগ আছিল,মঙলবাৰে নিশা তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ নেতৃত্বৰ এটা দলে তিনিচুকীয়াস্থিত বৌদ্ধ বিহাৰৰ পৰা ভুৱা ত্ৰিপুৰাৰ পৰিচয়-পত্ৰ সহ সন্দেহজনক ভিক্ষু জনক আটক কৰিবলৈ সক্ষম হয়।
বৰ্তমান সন্দেহজনক লোক জনৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ আৰক্ষীয়ে কেইবাটাও গোচৰ ৰুজু কৰি সোধা-পোচা অব্যাহত ৰাখিছে।
তিনিচুকীয়া কলেজ তিনিআলিৰ সমীপত থকা বৌদ্ধ মন্দিৰৰ পৰা ভিক্ষু ৰতনশ্ৰী ভিক্ষু ওৰফে ৰাহুল বৰুৱাক আটক তিনিচুকীয়া আৰক্ষীৰ৷
তিনিচুকীয়া সদৰত থানাত গোচৰ নং 738/2022U/S 120B/466/468/471R/W SECtion 14(A)(B)বিদেশী আইন 1946 গোচৰ ৰুজু হৈছে ভিক্ষু গৰাকীৰ বিৰুদ্ধে৷