ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা বজালতলীৰ চাহ বাগিছাৰ মূল পথত কোনো বাহনৰ স’তে দুৰ্ঘটনা সংঘটিত হোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এটা বাঘ ৷
পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত বাঘটো পথৰ কাষৰ বজালতলী চাহ বাগিছাত আশ্ৰয় লয় ৷উক্ত আঘাতপ্ৰাপ্ত বাঘটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি বনবিভাগক খৱৰ দিয়াত বাগিছাখনত বনবিভাগৰ লোকৰ লগতে চিকিৎসকৰ দল উপস্থিত হৈ বাঘটো চিকিৎসাৰ কাৰণে আৱদ্ধ কৰি গুইজানস্থিত বনবিভাগৰ কায্যালয়লৈ লৈ যায় ৷
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News