তিনিচুকীয়াৰ পৰ্বতীয়া স্থিত জীৱনজ্যোতি নাৰ্ছিং হোমত ৰোগীৰ ৰহস্যজনক মৃত্যু

6

তিনিচুকীয়াৰ পৰ্বতীয়া স্থিত জীৱনজ্যোতি নাৰ্ছিং হোমত ৰোগীৰ ৰহস্যজনক মৃত্যু

শনিবাৰে তিনিচুকীয়াৰ পৰ্বতীয়া স্থিত জীৱন জ্যোতি নাছিং হোমত পুনৰ এজন ৰোগীৰ ৰোহস্যজনক মৃত্যুৰ খবৰে তিনিচুকীয়া চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা অনুসৰি যোৱাকালি সন্ধিয়া ৮ বজাত তিনিচুকীয়াৰ চিৰাপতি নিবাসী ৩৮ বছৰীয়া পাপো শৰ্মাক জীৱনজ্যোতি নাৰ্ছিং হোমত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল । মেলেৰিয়া ৰোগত আক্রান্ত হৈ থকা পাপো শৰ্মাৰ পৰিয়ালৰ অভিযোগ মতে উক্ত চিকিৎসালয় খনৰ ডাক্তৰ নাৰ্চ সকলে ৰোগী জনক ভুল চিকিৎসা কৰা হেতুকে পাপো শৰ্মা আজি দিনৰ 11 বজাত মৃত্যুক সাৱটিব লগীয়া হয় । পূৰ্বতেও এই চিকিৎসালয়ত কেইবাজনো ৰোগী লগতে এটি দেৱশিশু মৃত্যু হৈছিল । চিকিৎসালয় খনত তিনিচুকীয়া সদৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here