Wednesday, March 29, 2023
HomeAssameseতিনিচুকীয়াৰ পানীতোলাত বিশিষ্ট ব্যক্তি যজ্ঞেশ্বৰ চেতিয়াৰ গ্ৰন্থ "সুৱাগ" উন্মোচন

তিনিচুকীয়াৰ পানীতোলাত বিশিষ্ট ব্যক্তি যজ্ঞেশ্বৰ চেতিয়াৰ গ্ৰন্থ “সুৱাগ” উন্মোচন

তিনিচুকীয়াৰ পানীতোলাত বিশিষ্ট ব্যক্তি যজ্ঞেশ্বৰ চেতিয়াৰ গ্ৰন্থ “সুৱাগ” উন্মোচন

তিনিচুকীয়া জিলাৰ গুৰুমহীয়ান কৃতী শিক্ষক, সহিত্যকৰ্মী, মটক জনগোষ্ঠীৰ লোক-কলা সংস্কৃতিৰ সমল ব্যক্তি বীৰপুৰুষ মটাটুকুৰা বৰুৱা সমন্বয় বঁ‌টা আৰু কামেশ্বৰ খাউণ্ড সমাজ সংগঠক বঁ‌টা প্ৰাপক যজ্ঞেশ্বৰ চেতিয়াৰ অভিনন্দন গ্ৰন্থ “সুৱাগ” উন্মোচন।

ড° কৰবী গগৈ বৰুৱাৰ সভাপতিত্বত আৰু লক্ষীন্দ্ৰ দাস আৰু হিতেশ গগৈৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনিৰ শুভ উন্মোচনৰ বাবে আজি পানীতোলা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ প্ৰাংগণত এক অনুষ্ঠানৰ আয়োজন কৰে।

তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত “সুৱাগ” গ্ৰন্থখনৰ শুভ উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ভীমকান্ত বৰুৱাই।

ইফালে বিশিষ্ট ব্যক্তি লেখক সাহিত্যিক যজ্ঞেশ্বৰ চেতিয়াৰ ৭৬ সংখ্যক জন্মদিনৰ উপলক্ষে এই সভাখনতেই মটক জনগোষ্ঠীৰ কেউটা সংগঠনৰ নেতৃত্ব উপস্থিত হৈ তেখেতক সম্বৰ্ধনা পত্ৰৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments