তিনিচুকীয়াৰ দুগৰাকী ছাত্ৰী নিৰুদেশ
তিনিচুকীয়াৰ বৰগুৰি নিবাসী পুষ্পা চেতিয়াৰ জীয়ৰী পাপৰি চেতিয়া আৰু শুকানপুখুৰী মাকুম নিবাসী মানসী বাইলুং শইকীয়াৰ জীয়ৰী ৰিকী বাইলুং যোৱা ২৭ জুন তাৰিখৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই চহৰখনত এক চাঞ্চল্য ৰ সৃষ্টি কৰিছে।
তিনিচুকীয়াৰ পৰ্বতীয়া স্থিত আদৰ্শ বালিকা বিদ্যালয়ত অধ্যয়ন কৰা দুয়োগৰাকী ছাত্ৰীয়ে ২৭ জুন দুপৰীয়া স্কুলৰ পৰা আহি শুকানপুখুৰী স্থিত মানসী বাইলুং শইকীয়াৰ ঘৰৰ পৰা ওলাই যোৱাৰ পাছত তেওঁলোকৰ বৰ্তমানলৈকে কোনো শুং সূত্ৰ পোৱা নাই।
ৰিকী বাইলুং আৰু পাপৰি চেতিয়াৰ এখন হাতে লিখা চিঠি শুকানপুখুৰী স্থিত মানসি বাইলুং শইকীয়াৰ ঘৰত উদ্ধাৰ হৈছে ।
পৰিয়ালৰ লোকক তেওঁলোকক নিবিচাৰিবলৈ উক্ত চিঠিখনত উল্লেখ কৰা হৈছে ।
এই সন্দৰ্ভত পৰিয়ালৰ লোকে তিনিচুকীয়া সদৰ আৰক্ষী চকীত ছাত্ৰী দুগৰাকী সন্ধানহীন হৈ থকাক লৈ এক অভিযোগো দাখিল কৰিছে ।
ৰিকী বাইলুং আৰু পাপৰি চেতিয়াৰ আজি দুদিন ধৰি কোনো সম্ভেদ নোপোৱাত অৱশেষত পৰিয়ালৰ লোকে সহায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিল ।
কোনো লোকে যদি এই দুগৰাকী ছাত্ৰীৰ বিষয়ে কিবা খবৰ পালে 9957121289 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । নম্বৰটো পুনৰ কৈছো 9957121289
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News