তিনিচুকীয়াৰ থানা চাৰিআলি আৰু মাকুমত জেহাদীৰ পুত্তলিকা দাহ বজৰং দলৰ
ভাৰতবৰ্ষত নিৰীহ হিন্দু লোকসকলৰ ওপৰত জেহাদিয়ে কৰা হত্যালীলাৰ ওপৰত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বজৰং দলে প্ৰতিবাদী ধৰ্ণা কায্যসূচী ৰূপায়ন কৰে । বৃহপতিবাৰে তিনিচুকীয়াৰ থানা চাৰিআলি ত বজৰং দল তিনিচুকীয়াৰ সমিতিয়ে ৰাজস্থানৰ উদয়পুৰত কানাইহা লালক দুই মুছলমান জেহাদিয়ে অতি নৃশংস ভাবে হত্যা কৰাৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ প্ৰতিবাদ জনাই জেহাদী ৰ পুটলিকা দাহ কায্যসূচী ৰূপায়ন কৰে । উক্ত হত্যাকাণ্ডৰ পাছতেই সমগ্ৰ ভাৰতবৰ্ষত হিন্দু সকলৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদ জনাইছিল বহু লোকে। বৃহপতিবাৰে উক্ত হত্যাকাণ্ডৰ ঘটনা ৰ তীব্ৰ প্ৰতিবাদ জনায় ,দুষীক কঠোৰতম শাস্তি বিহিবলৈ বজৰং দলে পুটলিকা দাহ কায্যসূচী ৰূপায়ন কৰে। উক্ত কায্যসূচীত বজৰং দলে জেহাদী ৰ পুটলিকা দাহ কৰি জেহাদিসকলক নিৰীহ হিন্দু লোকসকল ৰ হত্যালীলা বন্ধ কৰিবলৈ এই কায্যসূচীৰ দ্বাৰা সকীয়নী প্ৰদান কৰে।
আনহাতে মাকুমতো বজৰং দলৰ জেহাদীৰ পুত্তলিকা দাহ। বৃহপতিবাৰে মাকুম ট্ৰাফিক পইণ্টত ৩৭ আৰু ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বজৰং দল মাকুম আঞ্চলিক সমিতিয়ে ৰাজস্থানৰ উদয়পুৰত কানাইহা লালক দুই মুছলমান জেহাদিয়ে অতি নৃশংস ভাবে হত্যা কৰাৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ প্ৰতিবাদ জনাই জেহাদীৰ পুত্তলিকা দাহ কায্যসূচী ৰূপায়ন কৰে ।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News