Home Assamese তিনিচুকীয়াৰ তৰাণী গাঁৱত মৰাণ জনগোষ্ঠীৰ “ৰাতি বিহু” উদযাপন

তিনিচুকীয়াৰ তৰাণী গাঁৱত মৰাণ জনগোষ্ঠীৰ “ৰাতি বিহু” উদযাপন

167

“হাঁচতি ঐ চ’ত, বিচতি ঐ চ’ত, বুধে বিৰচতি, মঙ্গলে উৰুকা, বিহু গৈ আছিলি কত ।”
মৰাণ বিহুৰ এই যোঁজনাৰে অসমৰ আদিম ভুমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে বহাগ মাহৰ প্ৰথমটো বুধবাৰৰ পৰা বহাগ বিহু পালন কৰে । নিজস্ব ধৰ্মীয় তথা সাংস্কৃতিক পৰম্পৰাৰে মৰাণ জনগোষ্ঠীৰ লোকসকলে “ৰাতি বিহু” পালন কৰা দেখিবলৈ পোৱা যায় । কিছু পৃঠক আৰু স্বকৃয় কলা-সংস্কৃতিৰ সামাহাৰেৰে ভৰপুৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সিমান্তৱৰ্তী ভিতৰুৱা তৰাণী গাঁৱত “ৰাতি বিহু” উদযাপন কৰে । প্ৰায় তিনিটা দশকৰ বিৰতিৰ পাছত তৰাণী গাঁৱত পুনৰ আৰম্ভ কৰা “ৰাতি বিহু”ত তিনিচুকীয়া জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা মৰাণ ডেকাসকলৰ “চাকচনি”ৰ শব্দ আৰু গাভৰুৰ বিহু নৃত্যত জীপাল হৈ পৰে তৰাণী গাঁৱৰ ৰাজহুৱা খেলপথাৰ । ৰাতি বিহু চাবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিভাগৰ পঞ্জীয়ক ড৹ বিনোদ বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা জেষ্ঠ বৈজ্ঞানিক ড৹ জিতুৰঞ্জন চেতিয়াৰ লগতে Spainৰ বাৰ্চিলোনা বিশ্ববিদ্যালয়ৰ গৱেষক তথা ইটালীৰ পৰা এলিঅনৰা ফানাৰী আহি “ৰাতি বিহু”ৰ কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here