তিনিচুকীয়াৰ ডুমডুমাত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত
মডুমা আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱন উদ্ধোধন DGPৰ । বুধবাৰে ডুমডুমা আৰক্ষী থানাৰ পুণৰ নিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰা হয় ৷ উদ্বোধন কৰে মুখ্য অতিথি তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তদেৱে ৷ দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাঙ্গীণ উন্নয়ন অভিযান মৈত্ৰী আঁচনিৰ অধীনত ডুমডুমা আৰক্ষী থানাৰ ভৱন পুনৰ নিৰ্মাণ কৰা হৈছিল। উদ্বোধনী সভাত সভাপতিত্ব কৰে বিশিষ্ট সাংবাদিক, সমাজকৰ্মী তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই। জাতীয় সংগীতেৰে আৰম্ভ কৰা এই গাম্ভিৰ্য অনুষ্ঠানটো আঁত ধৰে ডুমডুমাৰ জেষ্ঠ সাংবাদিক অভিজিত খাটনিয়াৰে। মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান IPS ভাস্কৰজ্যোতি মহন্তই। অনুষ্ঠানত উজনিৰ DIG জিৎমল দলে আৰু তিনিচুকীয়াৰ SP দেৱজিৎ দেউৰী, ডুমডুমা ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া, ACS ৰনন্ময় ভৰদ্বাজ আদি উপস্থিত থাকে ৷ ডুমডুমা অঞ্চলৰ সকলো বিলাক জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতে ডুমডুমা প্ৰেছ ক্লাবৰ দ্বাৰা DGP ভাস্কৰ জ্যোতি মহন্তক সম্বৰ্দ্ধনা জনোৱা হয়। শেষত ডুমডুমা আৰক্ষী থানাৰ প্ৰভাৰী দিব্যজ্যোতি দত্তৰ শলাগৰ শৰাইৰ পাছতেই ৰাষ্ট্ৰীয় সংগীতেৰে অনুস্থানৰ সামৰণি পৰে ৷
ৰন্টু বৰশইকীয়া, তিনিচুকিয়া, Ne India News