তিনিচুকীয়াত Mission Amrit Sarovar ৰ শুভাৰম্ভ
স্বাধীনতাৰ ৭৫ বৰ্ষৰ আজাদী কী অমৃত মহোৎসৱৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ এক অভিলাষী আচনি অমৃত সৰোবৰৰ আচনিৰ শুভাৰম্ভ কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শ্ৰম ,চাহ জনজাতি কল্যান দপ্তৰৰ মন্ত্ৰী সঞ্জয় কৃশানে ৷
তিনিচুকীয়া জিলাৰ ইটাখুলি উন্নয়ন খণ্ডৰ অধীনত ইটাখুলি গাওঁ পঞ্চায়ত ত ৭টাকৈ অমৃত সৰুবাৰ আঁচনিৰ শুভাৰম্ভ কৰে৷ এই অমৃত সৰোবৰ আচনিখনত সৌন্দৰ্যবৰ্ধনৰ বাবে পুখুৰীত মাছ পুহি লোকসকল আত্মনিৰ্ভৰশীল হোৱা পুখুৰীৰ পাৰ সমুহ সুন্দৰকৈ নিৰ্মাণ কৰা , কণকণ ল’ৰাছোৱালীৰ বাবে খেলধেমালি কৰিবলৈ পাৰ্কৰ সুন্দৰ ব্যৱস্থা কৰা ৷
পুখুৰীৰ পাৰত উপাৰ্জনৰ বাবে বিভিন্ন ব্যৱস্থা, হাঁহ কুকুৰা পালন কৰাৰ ব্যৱস্থা আদি কৰি সুন্দৰ পৰিবেশ সৃষ্টি কৰি পুখুৰী নিৰ্মাণ কৰিব এই আচনিৰ যোগেদি আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত এক স্বেচ্ছাসেৱী সংগঠনক দ্বায়িত্ব অৰ্পণ কৰা হ’ব ৷
আজি এই আচনিখনৰ শুভাৰম্ভ অনুষ্ঠানত তিনিচুকীয়া জিলাৰ উপযুক্ত নৰসিংহ পোৱাৰ জিলা পৰিষদৰ সভাপতি ৰাজেন কৈৰী কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ ,ইটাখুলিৰ বি ডি অ শিক্ষামণি গগৈকে আদি কৰি বিভিন্ন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News