তিনিচুকীয়াত BJPৰ চাহ জনগোষ্ঠী মৰ্চা অসম প্ৰদেশৰ প্ৰশিক্ষণ আৰু কায্যনিৰ্বাহক সভা
তিনিচুকীয়াত তিনিদিনীয়াকৈ অনুষ্টিত কৰে বিজেপি চাহ জনগোষ্ঠী মৰ্চা অসম প্ৰদেশৰ প্ৰশিক্ষণ আৰু কায্যনিৰ্বাহক সভা ৷
আজি (বৃহস্পতিবাৰ) শেষৰ দিনটোত উক্ত কায্যসূচীত উপস্থিত হয় বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষান ৷
সভাপতিগৰাকীয়ে আগন্তুক দিনসমূহত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে বিভিন্ন দিশত মন্তব্য আগবঢ়াই ৷ সভাপতি গৰাকীৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে ৷

ইফালে, তিনিচুকীয়া পৌৰসভাত চলি থকা বিষয় লৈ সভাপতিগৰাকীক প্ৰশ্ন কৰাত সেই চৰ্চা ইমানতে সামৰণি পেলাই শ্ৰম মন্ত্ৰী সঞ্জয় কিষান আৰু পৌৰপতি জয়ন্ত বৰুৱাক হাত মিলাই দিয়া হৈছে বুলি মন্তব্য কৰে ৷
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News