তিনিচুকীয়াত ৰাজহুৱা সম্পত্তি অনিষ্ট কৰাসকলৰ বিৰুদ্ধে কঠোৰ জাতীয় দল সংগঠনসমূহ

77

তিনিচুকীয়াৰ নপুখুৰী স্থিত উৰণীয়া সেতুৰ লোহাৰ পাইপ কাটি নিজৰ গৃহ নিৰ্মাণ কৰা কায্যৰ বিৰুদ্ধে তিনিচুকীয়াৰ পৰিবেশ সুৰক্ষা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে পূৰ্বতে প্ৰতিবাদ কৰি আহিছিল ।

তিনিচুকীয়াৰ পৌৰসভাৰ কনিষ্ঠ অভিযন্তা জে পি দাসৰ বিৰুদ্ধেও উঠিছিল গুৰুতৰ অভিযোগ ।

জিলা প্ৰশাসন আৰু পৌৰসভাক এই সন্দৰ্ভত সংগঠনকেইটিয়ে বহু বাৰ অভিযোগ দিছিল যদিও আজি পয্যন্ত অজয় জয়ছোৱাল নামৰ ব্যক্তি জনৰ ওপৰত কোনোধৰণৰ বিহীত ব্যৱস্থাত নোলোৱাত ক্ষোভিত হৈ পৰিছে দল সংগঠনসমূহ ।

পৰিবেশ সুৰক্ষা সমিতি , সদৌ মৰাণ ছাত্ৰ সন্থা আৰু গোর্খা ছাত্ৰ সন্থা আৰু সকলো জাতীয় জনগোষ্ঠীয় দ’ল সংগঠন সমূহে শুকুৰবাৰে উক্ত পাইপ সমূহ পুনৰ নিৰ্মান কৰি ৰাজহুৱা সম্পত্তিক যাতে ভৱিষ্যতলৈ অনিষ্ট নকৰিবলৈ সকীয়নী প্ৰদান কৰাৰ লগতে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই তিনিচুকীয়া পৌৰপতি জয়ন্ত বৰুৱাৰ নীৰৱ ভূমিকাক গৰিহণাৰ যোগ্য তেখেতে অবৈধ গৃহত বুলদোজাৰ চলিব বুলি কোৱা বুলদোজাৰ কত গল বুলি সকীয়নি প্ৰদান কৰাৰ লগতে মোটা অংকৰ ধন লৈ মৌন ব্ৰত পালন কৰিছে বুলি উল্লেখ কৰে ।

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here