Thursday, May 25, 2023
HomeAssameseতিনিচুকীয়াত সদৌ চাউতাল ছাত্ৰ সন্থাৰ দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী

তিনিচুকীয়াত সদৌ চাউতাল ছাত্ৰ সন্থাৰ দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী

বুধবাৰে তিনিচুকীয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ সন্মুখত সদৌ চাউতাল ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া জিলা মাঝি মণ্ডলৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াতো দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰে । উক্ত কাৰ্যসুচীত সংগঠনকেইটাই চাউতাল সকলৰ অধিকাৰৰ আৰু সন্মানৰ কাৰণে এই কাৰ্যসুচী লোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে । এই কাৰ্যসুচী দ্বাৰা চৰকাৰ তথা প্ৰশাসনক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যদা দিব লাগে বুলি আহ্বান জনায় সংগঠনটোৱে । উক্ত কাৰ্যসুচীৰ জৰিয়তে দুয়োটি সংগঠনে তিনিচুকীয়া জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments