Friday, March 17, 2023
HomeAssameseতিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বানৰ তাণ্ডৱ।বানপানী হৈছে অসমৰ এটা দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা।

নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে নদ নদী লগতে জান জুৰি ফলত ৰাইজে দুৰ্ভোগ ভুগিব লগিয়া হৈছে ।

বৃহস্পতি বাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগতো বান আৰু গড়া খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে লৈ ইয়াক স্থায়ী সমাধান কৰা, অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পেকেজ ঘোষণা কৰা, খহনীয়াত আক্ৰান্ত লোকক সাহায্য প্ৰদান কৰা, পুনৰ সংস্থাপন প্ৰদান কৰা বানপানীৰ ফলত বান-গৰাখহনীয়াত আক্ৰান্ত পৰিয়াল সমূহক খাদ্য সামগ্ৰী, ঔষধ, শিশু খাদ্য, পশুধনৰ খাদ্য যোগান ধৰা, এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে অসমৰ জনসাধাৰণক পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰাৰ দাবীৰে তিনিচুকীয়া কলেজ তিনিআলি সমীপত বিশাল বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments