Saturday, April 1, 2023
HomeAssameseতিনিচুকীয়াত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ ১২টাকৈ পথ আৰু উপপথৰ আধাৰশিলা স্থাপন

তিনিচুকীয়াত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ ১২টাকৈ পথ আৰু উপপথৰ আধাৰশিলা স্থাপন

তিনিচুকীয়াত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ ১২টাকৈ পথ আৰু উপপথৰ আধাৰশিলা স্থাপন

সোমবাৰে তিনিচুকীয়া চহৰৰ ৩ নং ৱাৰ্ড ,১৫ নং ৱাৰ্ডত আৰু ৯ নং ৱাৰ্ডত চতুৰ্দশ বিত্তীয় আয়োগ ২০১৮-২০১৯ ( ২য় কিস্তি ) আঁচনিৰ অধীনত পৌৰসভাৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডত ১২ টিকৈ পথ তথা উপ পথৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ চাহ জনজাতি পৰিয়াল কল্যান দপ্তৰৰ মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে ,উক্ত পথসমূহ উদ্বোধন কৰি তিনিচুকীয়া বাসী ৰাইজৰ সেৱাৰ বাবে উচৰ্গা কৰে । পথ উদ্বোধনিত মন্ত্ৰীগৰাকীক সংগ দিয়ে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি জয়ন্ত বৰুৱা ,উপপৌৰপতি নৱনিতা আগৰৱালা লগত ৱাৰ্ড কমিচনাৰ সকলে ,পথ উদ্বোধনি অনুষ্ঠানত মন্ত্ৰীগৰাকী এ উল্লেখ কৰে যে তিনিচুকীয়া বাসী ৰাইজে অনাগত দিনত যাতে কোনো সমস্যা সন্মুখীন নহয় বাট পথৰ বাবে ,তাৰ কাৰণে তিনিচুকীয়া পৌৰসভাৰ সকলো ৱাৰ্ড সদস্যকে নিজ নিজ ৱাৰ্ড সমস্যাসমূহ সমাধান কৰি এখন সৰ্বাংগীন সুন্দৰ তিনিচুকীয়া ৰাইজক উপহাৰ দিবলৈ নিৰ্দেশ দিয়ে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments